2 তীমথিয়
গ্রন্থ ৰচয়িতা
লিখকৰ স্বত্ব ৰোমৰ কাৰাগাৰৰ পৰা পৌলৰ মুকলি হোৱাৰ পাছত আৰু তেওঁৰ চতুর্থ মিছনাৰী যাত্রাৰ সময়ত তেওঁ যেতিয়া 1 তীমথিয় লিখিছিল, তেতিয়া তেওঁ আকৌ সম্রাট নিৰোৰ অধীনত বন্দী হৈছিল। এই সময়ত তেওঁ 2 তীমথিয় লিখিছিল। তেওঁৰ প্রথম কাৰাবাসৰ বিপৰীতে, তেতিয়া তেওঁ “ভাড়া ঘৰত” আছিল (পাঁচনিৰ কর্ম 28:30), তেতিয়া তেওঁ এক ঠাণ্ডা অন্ধকূপৰ মাজত অৱসাদত আছিল (4:13), সাধাৰণ অপৰাধীৰ দৰে বন্ধন (1:16; 2:9). পৌলে জানিছিল যে তেওঁৰ কর্ম শেষ হৈ গৈছে আৰু তেওঁৰ প্রায় আয়ুস শেষৰ দিশে গৈ আছে (4:6-8).
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 66-67 খ্রীষ্টাব্দৰ মাজ ভাগত।
পৌলে তেওঁৰ দ্বিতীয় কাৰাবাসৰ সময়ত ৰোমত আছিল আৰু তেওঁৰ শ্বহীদ হোৱাৰ অপেক্ষাত থকা অৱস্থাত এই পত্রটো লিখিছিল।
প্রাপক
দ্বিতীয় তীমথিয়, তীমথিয় আছিল পত্রৰ প্রাথমিক পাঠক, কিন্তু অৱশ্যে তেওঁ যোগাযোগ থকা মণ্ডলীৰ সৈতেও ভগাই কৰিছিল।
উদ্দেশ্য
তীমথিয়ক ত্যাগ কৰাৰ সৈতে এক চূড়ান্ত উদ্দীপনা আৰু যি কাম কৰে সেই কামত তীব্রতাৰ সৈতে উপদেশ দিয়া (1:3-14), লক্ষ্য (2:1-26), আৰু অধ্যৱসায় (3:14-17; 4:1-8)।
মূল বিষয়
বিশ্বস্ত পৰিচর্যাৰ কামত এক অভিযোগ।
প্রান্তৰেখা
1. পৰিচর্যাৰ বাবে প্রণোদনা — 1:1-18
2. পৰিচর্যাত থকা আর্হি — 2:1-26
3. ভুৱা শিক্ষকৰ বিৰুদ্ধে সতর্ক কৰা — 3:1-17
4. উৎসাহ আৰু আশীর্বাদৰ বাণী — 4:1-22
1 অধ্যায়
মঙ্গলাচৰণ; ধৈর্য আৰু সহন প্ৰকাশ কৰিবলৈ নিবেদন
মই পৌল, খ্ৰীষ্ট যীচুত থকা জীৱনৰ প্ৰতিজ্ঞা অনুসৰি, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি; প্ৰিয় পুত্ৰ তীমথিয়ৰ সমীপলৈ: পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।
মই ঈশ্ৱৰক ধন্যবাদ দিওঁ, যি জন ঈশ্বৰক মোৰ পূৰ্বপুৰুষৰ দিনৰে পৰা আৰাধনা কৰি অহা হৈছে, সেই জন ঈশ্বৰকে মই নিৰ্মল বিবেকেৰে* আৰাধনা কৰোঁ; সেই জনৰ ওচৰত নিতৌ দিনে-ৰতিয়ে প্রার্থনা কৰাৰ সময়ত তোমাক সোঁৱৰণ কৰোঁ, তোমাৰ চকুলো আনন্দেৰে পূৰ হোৱা চাবলৈ মই অতিশয় হাবিয়াহ কৰি আছোঁ। যি বিশ্বাস প্ৰথমে তোমাৰ বুঢ়ী মা লোয়ী আৰু তোমাৰ মাতৃ উনীকীৰ অন্তৰত বাস কৰিছিল, বোধ কৰোঁ তেনে অকপট বিশ্ৱাস তোমাৰ অন্তৰতো বাস কৰিছে বুলি মই সুনিশ্চিত৷
এই কাৰণে মই তোমাক সোঁৱৰাইছো যে, মোৰ হাত তোমাৰ ওপৰত দিয়াৰ দ্বাৰাই ঈশ্ৱৰৰ যি অনুগ্রহৰ বৰ তোমাক দান কৰা হ’ল, সেই বৰ পুনৰ জাগ্ৰত কৰা৷ কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।
এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অর্থে বন্দীয়াৰ হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহবা কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবার্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা, কাৰণ তেৱেঁই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে, সেয়ে আমাৰ কর্মৰ দৰে নহয় কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰদৰেহে কৰিলে; যি অনুগ্ৰহ অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীচুত আমাক দিয়া আছিল; 10 কিন্তু এতিয়া আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ আবির্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ’ল; যি জনে মৃত্যুক বিনাশ কৰি, § শুভবার্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে; 11 সেই শুভবার্তাৰ কাৰণে মোক ঘোষণাকাৰী, পাঁচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে*
12 এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ। 13 মোৰ যি যি কথা শুনিলা তাক নিৰাময় বাক্যৰ আর্হি হিচাপে লৈ খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা। 14 যি উত্তম দান তোমাক গতাই দিয়া হৈছে, সেই দান আমাত নিবাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখিবা।
15 ফুগিল্ল আৰু হর্মগিনি আদি কৰি এচিয়াত থকা সকলোৱেই মোৰ পৰা বিমূখ হল৷ এই বিষয়ে তুমি জানি আছা। 16 অনীচিমৰ ঘৰৰ লোক সকলক প্ৰভুৱে দয়া কৰক, কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জুৰাইছিল আৰু মই বন্দীশালৰ শিকলিত থাকিলেও লাজ নাপাইছিল; 17 বৰং ৰোম নগৰত থাকোঁতে, তেওঁ অতি কষ্টেৰে মোক বিচাৰি পাইছিল - 18 তেওঁ যাতে সেইদিনা §প্ৰভুৰ পৰা দয়া পায়, প্ৰভুৱে এনে অনুগ্ৰহ কৰক, আৰু ইফিচতো তেওঁ কিমান সেৱা শুশ্ৰূষা কৰিছিল সেই বিষয়েও তুমি ভালকৈ জনা৷
* 1 অধ্যায়:3 পাঁ 23:1; 2 কৰি 1:12; ইব্ৰী 13:18৷ 1 অধ্যায়:6 পবিত্র আত্মাৰ বৰ 1 অধ্যায়:7 লূক 24:49; পাঁ 1:8; ৰো 8:15 § 1 অধ্যায়:10 যো 5:25-29; 11:25; 1 কৰি 15:55; ইব্ৰী 2:14, 15 * 1 অধ্যায়:11 1তীম2:7 1 অধ্যায়:12 ৰোম 1:16 1 অধ্যায়:12 1 পি 4:19৷ § 1 অধ্যায়:18 সেইদিনা প্ৰভু অহাৰ দিনত