76 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া, আচফৰ ৰচিত গীত,সঙ্গীত।
যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে;
ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান।
চালেম*ত তেওঁৰ তম্বু আছে;
চিয়োনত তেওঁৰ বসতি স্থান আছে।
তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে;
ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। [চেলা]
তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ;
যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, য’ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা।
এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল;
তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল।
পৰাক্ৰমীসকল অসহায় হ’ল।
হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত,
ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল।
তুমি, হয় তুমিয়েই আতঙ্কজনক;
তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ’ব পাৰে?
তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হয়;
পৃথিৱী আতঙ্কিত হৈ নীৰৱে আছিল।
হে ঈশ্বৰ, তুমি উঠা, বিচাৰ নিস্পতি কৰা;
পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা। [চেলা]
10 অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব;
তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা
11 তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা;
তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব।
12 তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খর্ব কৰিব;
তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।
* 76 অধ্যায়:2 যিৰুচালেম 76 অধ্যায়:10 অৱশিষ্ট লোকৰ যুদ্ধক সোঁৱৰণ কৰিব।