65 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ূদৰ ৰচিত গীত, সঙ্গীত।
হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে;
তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।
হে প্ৰাৰ্থনা শুনোতা জনা,
তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।
আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে;
তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।
ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা;
তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব,
আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম।
তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা;
ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা;
পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি;
সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো।
এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে;
শক্তি স্বৰূপ টঙালিৰে বিশেষ ভাৱে নিজকে বান্ধে।
সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰে,
আৰু তাৰ ঢৌৰ গর্জন,
লোক সকলৰ কোলাহল শান্ত কৰে;
পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে;
সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে।
তুমি পৃথিবীৰ বুজ-বিচাৰ ল’লা, আৰু তাত জল বৰষালা;
তুমি তাক বহু ফলৱান কৰিলা;
ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ;
তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।
10 তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা;
তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা;
তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা;
তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা।
11 তুমি তোমাৰ মঙ্গলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা;
আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়।
12 অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়;
আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে।
13 চৰণীয়া পথাৰবোৰ জাক জাক মেৰ-ছাগৰ বস্ত্ৰেৰে বিভূষিত হৈছে;
উপত্যকাবোৰ শস্যৰে ঢকা হৈছে;
সেইবোৰে জয়-ধ্বনি কৰে আৰু গীত গান কৰে।