3 অধ্যায়
পুত্ৰ অবচালোমৰ ওচৰৰ পৰা পলাই যোৱাৰ সময়ত দায়ুদৰ ৰচিত গীত।
হে যিহোৱা চোৱা, মোৰ শত্রুৰ সংখ্যা কিমান বাঢ়িছে!
মোৰ বিৰুদ্ধে অনেকেই উঠিছে!
অনেকে মোক কৈছে, “ঈশ্বৰে তোমাক সহায়* নকৰে।” (চেলা)
কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা;
তুমিয়েই মোৰ গৌৰৱ;
তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা।
মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো;
তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা)
মই শুই পৰিলো আৰু টোপনি গলোঁ; পুনৰ সাৰ পালোঁ;
কিয়নো যিহোৱাই মোক ৰক্ষা কৰে।
মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে,
কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ।
হে যিহোৱা উঠি আহাঁ!
হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা;
তুমি মোৰ শত্রুবোৰৰ গালত আঘাত কৰা;
দুষ্টবোৰৰ দাঁত ভাঁঙি পেলোৱা।
পৰিত্ৰাণ যিহোৱাতে আছে;
তোমাৰ লোকসকলৰ ওপৰত তোমাৰ আশীৰ্ব্বাদ নামি আহঁক। (চেলা)
* 3 অধ্যায়:2 উদ্ধাৰ 3 অধ্যায়:2 ‘চেলা’ শব্দটো গীতমালাৰ 71 ঠাইত উল্লেখ আছে, ই গীতৰ মাজৰ বিৰতিক নির্দেশ কৰে। 3 অধ্যায়:8 বিজয়