23 অধ্যায়
দায়ুদৰ ৰচিত গীত
যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।
তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়;
আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।
তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে;
নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়।
এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ,
কিয়নো তুমি মোৰ সঙ্গত আছা;
তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।
তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা;
তুমি মোৰ মূৰ তেলেৰে তিয়াইছা;
মোৰ পান-পাত্ৰ উপচি পৰিছে*
অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ’ব,
আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।
* 23 অধ্যায়:5 লুক 7:46: ই হ’ল আলহীক আদৰি লোৱাৰ এক চিন।