126 অধ্যায়
যাত্ৰাৰ সঙ্গীত।
যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে*,
তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লো।
তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল,
আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল;
আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে,
“যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্য কৰিলে।”
যিহোৱাই আমাৰ কাৰণে অনেক মহৎ কৰ্ম কৰিলে;
সেয়ে আমি আনন্দ কৰিলোঁ।
হে যিহোৱা, নেগেভ মৰুভূমিৰ জুৰিবোৰৰ নিচিনাকৈ,
তুমি আমাৰ ভৱিষ্যত আগৰ অৱস্থালৈ ঘূৰাই আনা।
যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দেৰে দাব।
যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।
* 126 অধ্যায়:1 যেতিয়া যিহোৱাই নির্বাসনৰ পৰা পুনৰ চিয়োনলৈ আনিলে, তেতিয়া ইয়াক পুনৰ উর্বৰ কৰিলে। (চিয়োনৰ আন নাম ‘যিৰুচালেম’।)