111 অধ্যায়
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
মই সমস্ত মনেৰে যিহোৱাৰ ধন্যবাদ কৰিম;
ধাৰ্মিকসকলৰ সভাত আৰু মণ্ডলীৰ মাজত প্ৰশংসা কৰিম।
যিহোৱাৰ কাৰ্যবোৰ মহৎ;
যিসকল তাত আনন্দিত হয়, তেওঁলোকে সেইবোৰ ধ্যান কৰে।
তেওঁৰ কাৰ্য গৌৰৱ আৰু মহিমাৰে পৰিপূর্ণ;
তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।
তেওঁ নিজৰ আচৰিত কাৰ্যবোৰ স্মৰণীয় কৰিলে;
যিহোৱা কৃপাময় আৰু দয়ালু।
তেওঁৰ ভক্তসকলক তেওঁ আহাৰ যোগায়;
নিজে স্থাপন কৰা নিয়মটি তেওঁ চিৰকাললৈকে সোঁৱৰণ কৰিব।
অন্যান্য জাতিবোৰৰ আধিপত্য নিজৰ লোকসকলক দি
তেওঁ নিজৰ কাৰ্যৰ শক্তি তেওঁলোকক দেখুৱালে।
তেওঁৰ হাতৰ কাৰ্যবোৰ বিশ্বস্ত আৰু ন্যায়পূর্ণ;
তেওঁৰ সকলো বিধি বিশ্বাসযোগ্য।
সেইবোৰ অনন্ত কাললৈকে অলৰ;
সেইবোৰ বিশ্ৱস্ততা আৰু সততাৰে সৈতে স্থাপন কৰা হৈছে।
নিজৰ লোকসকলৰ কাৰণে তেওঁ মুক্তি পঠাই দিলে;
তেওঁ আজ্ঞা দি অনন্ত কালৰ কাৰণে নিজৰ নিয়ম স্থাপন কৰিলে;
তেওঁৰ নাম পবিত্ৰ আৰু ভয়ঙ্কৰ।
10 যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ;
যিসকলে তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে, তেওঁলোকে সুবুদ্ধি পায়;
তেওঁৰ প্ৰশংসা অনন্ত কাললৈকে থাকে।