যাত্ৰা পুস্তক
গ্রন্থ ৰচয়িতা
পৰম্পৰাগত ধাৰাৰে ক’বলৈ হ’লে এই পুস্তকৰ লিখক মোচি। এই পুস্তকৰ লিখকৰ হিচাপে কোনো প্রশ্ন নকৰাকৈ মোচিক কিয় ক’ব পৰা যায়, কাৰণ ইয়াৰ বাবে দুটা কাৰণ আছে। প্রথম, যাত্রাপুস্তকত যি লেখা আছে, সেয়া নিজেই মোচিৰ কার্যকলাপৰ কথা। যাত্রাপুস্তকৰ 34:27 পদত ঈশ্বৰে মোচিক আদেশ দিছে যে, “এই শব্দবোৰ লিখা”। আন এটা অংশই আমাক কয় যে, ঈশ্বৰৰ আদেশত বাধ্য থাকি মোচিয়ে “প্রভুৰ সকলো কথা লিখিছিল” (24:4)। এই পদবোৰে এটা নিশ্চিত অনুমান কৰিবলৈ যুক্তিসঙ্গত তথ্য দিয়ে যে, এই যাত্রাপুস্তক মোচিয়ে লিখা। দ্বিতীয়তে, যাত্রাপুস্তকত উল্লেখ থকা অনুষ্ঠান সমূহ মোচিয়ে নিজে প্রত্যক্ষ কৰিছিল বা সেই অনুষ্ঠান সমূহত তেওঁ অংশ গ্রহন কৰিছিল। তেওঁ ফৌৰণৰ পৰিয়ালত থাকি শিক্ষা লাভ কৰিছিল আৰু এইদৰে লিখিবলৈ যোগ্য হৈছিল।
লিখাৰ স্থান আৰু সময়
সম্ভৱতঃ লিখাৰ সময় প্রায় 1446 - 1405 খ্রীষ্ট পূর্ব।
এই সময়ত অবিশ্বাসযোগ্যতাৰ কাৰণে ইস্রায়েলীসকলে 40 বছৰ কাল মৰুপ্রান্তত ঘূৰি ফুৰি কটাব লগা হৈছিল। এই সময়খিনিয়ে এই কিতাপ খন লিখাৰ বাবে ভাল সময় আছিল। [1]
প্রাপক
এই পুস্তকৰ পাঠক বা প্রাপক হ’ব পাৰে যাত্রা কৰি উদ্ধাৰ হৈ অহা প্রজন্মৰ লোকসকল নিজেই। মোচিয়ে মিচৰৰ পৰা উদ্ধাৰ পাই ওলাই অহা চিনয় সম্প্রদায়ৰ বাবে এই যাত্রাপুস্তক লিখিছিল। (যাত্রাপুস্তক 17:14; 24:4; 34:27-28)।
উদ্দেশ্য
যাত্রাপুস্তকত বাখ্যা আকাৰে বর্ণনা কৰা হৈছে কিদৰে ইস্রায়েল যিহোৱাৰ লোক হৈ উঠিল আৰু বিধানৰ নীতি স্থাপন কৰাৰ যোগেদি এটা জাতি ঈশ্বৰৰ লোকৰ দৰে বাস কৰিলে। যাত্রাপুস্তকে সংজ্ঞায়িত কৰে বিশ্বাসী, মহান, ত্রাণকর্তা, পবিত্র ঈশ্বৰক, যিজনাই ইস্রায়েলৰ সৈতে এটা নিয়ম স্থাপন কৰিছিল। ঈশ্বৰৰ নাম আৰু কার্য দুয়োটাৰ যোগেদি ঈশ্বৰৰ চৰিত্র প্রকাশিত হয়। অব্রাহামৰ প্রতি ঈশ্বৰৰ প্রতিশ্রুতি কেনেকুৱা আছিল, সেয়া দেখুৱাইছিল (আদি পুস্তক 15:12-16); আৰু এয়া পূর্ণ হৈছিল, যেতিয়া ঈশ্বৰে মিচৰীয়াসকলৰ বন্ধনৰ পৰা অব্রাহামৰ বংশক উদ্ধাৰ কৰি আনিছিল। এইটো এটা পৰিয়ালৰ কাহিনী আছিল, যি মনোনীত জাতিলৈ ৰূপান্তৰিত হৈছিল। (যাত্রাপুস্তক 2:24; 6:5; 12:37)। যিসকল মিচৰৰ পৰা ওলাই আহিছিল, সেই ইব্রীয় লোকসকলৰ সংখ্যা দুইৰ পৰা তিনি মিলিয়ন বা বিশ লাখৰ পৰা ত্রিশ লাখ আছিল।
মূল বিষয়
উদ্ধাৰ
প্রান্তৰেখা
1. পাতনি — 1:1-2:25
2. ইস্রায়েলৰ উদ্ধাৰ — 3:1-18:27
3. চিনয়ত দিয়া বিধান বা চুক্তি — 19:1-24:18
4. ঈশ্বৰৰ ৰাজকীয় তম্বু — 25:1-31:18
5. বিদ্রোহ কৰাৰ ফল হিচাপে ঈশ্বৰৰ পৰা প্রত্যাহাৰ — 32:1-34:35
6. ঈশ্বৰৰ তম্বুৰ ৰাজকীয় সংস্থাপন — 35:1-40:38
1 অধ্যায়
ইস্ৰায়েলৰ সন্তান সকলৰ বৃদ্ধি।
যাকোবৰ লগত ইস্ৰায়েলৰ যিসকল পুত্ৰই নিজৰ পৰিয়ালৰ সৈতে মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নাম: ৰূবেণ, চিমিয়োন, লেবী আৰু যিহূদা; ইচাখৰ, জবূলূন, আৰু বিন্যামীন; দান আৰু নপ্তালী; গাদ আৰু আচেৰ। যাকোবৰ বংশধৰ সৰ্ব্বমুঠ সত্তৰ জন আছিল। ইতিমধ্যে যোচেফ মিচৰত আছিল।
তাৰ পাছত যোচেফ, তেওঁৰ ভায়েক-ককায়েক সকল আৰু সেই প্রজন্মৰ সকলোৰেই মৃত্যু হ’ল। ইস্ৰায়েলৰ সন্তান সকল বহু বংশ হৈ সংখ্যাত বৃদ্ধি পালে; আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ’ল। তেওঁলোকৰ দ্বাৰাই দেশ পৰিপূৰ্ণ হ’ল।
ইস্ৰায়েলৰ সন্তান সকলে উপদ্ৰৱ পোৱা।
তাৰ পাছত মিচৰত যোচেফক সোঁৱৰণ কৰা কথাত গুৰুত্ব নিদিয়া এজন নতুন ৰজাৰ উত্থান হ’ল। তেওঁৰ প্ৰজা সকলক তেওঁ ক’লে, “সেই ইস্ৰায়েল জাতিক চোৱা; তেওঁলোক সংখ্যাত অধিক আৰু আমাতকৈ বলৱন্ত। 10 আহাঁ, আমি তেওঁলোকৰ লগত জ্ঞানেৰে লেনদেন কৰোঁহক। নহলে তেওঁলোক অবিৰত ভাৱে বৃদ্ধি পাব, আৰু কোনো যুদ্ধ হ’লে, তেওঁলোকে আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু দেশ ত্যাগ কৰি যাব।”
11 সেয়ে তেওঁলোকক কঠিন পৰিশ্রমৰ দ্বাৰাই অত্যাচাৰ কৰিবলৈ তেওঁলোকৰ ওপৰত কঠোৰ তত্ত্বাবধায়ক নিযুক্ত কৰিলে। ইস্রায়েলী লোক সকলে পিথোম আৰু ৰামিচেচ নামেৰে ফৰৌণৰ অৰ্থে ভঁৰাল ঘৰৰ নগৰ নিৰ্মাণ কৰিলে। 12 কিন্তু মিচৰীয়া সকলে যিমান বেছিকৈ ইস্রায়েলী সকলক অত্যাচাৰ কৰিলে, সিমান বেছিকৈ তেওঁলোক সংখ্যাত বৃদ্ধি পালে আৰু বিস্তাৰ লাভ কৰিবলৈ ধৰিলে। সেয়ে মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক ভয় কৰিবলৈ আৰম্ভ কৰিলে।
13 মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক অব্যাহতি নিদিয়াকৈ কাম কৰাইছিল। 14 চূণ, বালি আৰু পানী মিহলাই তৈয়াৰ কৰোঁৱা বোকাৰে ইটা প্রস্তুত কৰা, আৰু পথাৰৰ সকলো বিধৰ কামৰ দ্বাৰাই তেওঁলোকৰ জীৱন তিক্ত কৰিছিল। তেওঁলোকে কৰিব লগা সকলো কামেই কঠিন আছিল।
15 তাৰ পাছত মিচৰৰ ৰজাই চিফ্ৰা আৰু পুৱা নামৰ দুজনী ইব্ৰীয়া ধাত্ৰীৰ লগত কথা পাতিলে। 16 ৰজাই ক’লে, “যি সময়ত তোমালোকে ইব্ৰীয়া মহিলা সকলক প্রসৱ আসনত সন্তান প্ৰসৱ কৰাত সহায় কৰিবা, সেই সময়ত তেওঁলোকে জন্ম দিয়া সন্তান লক্ষ্য কৰিবা; যদি সেই সন্তান ল’ৰা হয় তেনেহ’লে তাক অৱশ্যে বধ কৰিবা, আৰু যদি ছোৱালী হয়, তেনেহ’লে তাইক জীয়াই থাকিবলৈ দিবা।” 17 কিন্তু ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে মিচৰৰ ৰজাই তেওঁলোকক দিয়া আজ্ঞা পালন নকৰি, তাৰ পৰিৱৰ্তে ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলে।
18 মিচৰৰ ৰজাই ধাত্ৰী দুজনীক মাতি অনালে আৰু তেওঁলোকক ক’লে, “তোমালোকে কিয় ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলা?” 19 তেতিয়া ধাত্ৰী দুজনীয়ে ফৰৌণক ক’লে, “ইব্ৰীয়া মহিলা সকল মিচৰীয়া মহিলা সকলৰ দৰে নহয়; তেওঁলোক সবল, আৰু তেওঁলোকৰ ওচৰলৈ ধাত্ৰী অহাৰ আগতে, তেওঁলোকে নিজে সন্তান প্ৰসৱ কৰে।”
20 ঈশ্বৰে সেই ধাত্ৰী দুজনীক ৰক্ষা কৰিলে। লোক সকল সংখ্যাত বৃদ্ধি পালে আৰু অধিক বলৱন্ত হ’ল। 21 ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে ঈশ্বৰে তেওঁলোকৰ বাবে পৰিয়াল গঠন কৰিলে। 22 পাছত ফৰৌণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা দিলে যে, “তোমালোকে নতুন কৈ জন্ম হোৱা প্ৰত্যেক* ল’ৰা শিশুক নীল নদীত পেলাই দিব লাগিব, কিন্তু প্ৰতিজনী ছোৱালীক হ’লে জীয়াই ৰাখিব পাৰিবা।”
* 1 অধ্যায়:22 ইব্রী লোকৰ